মানুহজনৰ ভৰি-হাত শিকলিৰে বন্ধা। এটা প্ৰকাণ্ড ঈগলে তেওঁৰ পেতটো ফালি, যকৃতটো টানি আঁজোৰি খাইছে। তীব্ৰ যন্ত্ৰণাত মানুহজনে চিৎকাৰ কৰি উঠিছে।সম্পূৰ্ণ যকৃতটো ভক্ষণ কৰি ঈগলটোৱে শিলছটাত ঠোঁতটো কেইবাবাৰো ঘঁহাই পাখি ধপধপাই উৰি গ’ল । শিল এটাৰ আঁৰৰ পৰা সকলবোৰ চাই থকা প্ৰাণজিতে মানুহজনৰ কাষলৈ দৌৰি আহিল । তেজৰ দোঙাটোৰ ওপৰত মানুহজন পৰি আছে । ।মানুহজনৰ মুখমণ্ডল সুগঢ়িত যদিও শৰীৰটো দৈত্যাকায়।যন্ত্ৰণাত কুঞ্চিত হৈ পৰা মুখখনত দৃঢ়তা পৰিস্ফুত।ঘাঁদোখৰ বান্ধিবৰবাবে ওচৰত একো এটা দেখা নাপায় বৰ অসহায়বোধ কৰিলে প্ৰাণজিতে । অচেতনপ্ৰায় মানুহজনে লাহে লাহে মূৰতুলি চালে।
প্ৰাণজিতক দেখা পাই “Who the hell are you?” বুলি ভেকাহি মাৰি উঠিল।
“কোন আপুনি? কোনে কিয় আপোনাক ইয়াত বান্ধি ৰাখিছে?” প্ৰাণজিতে একেলগে কেইবাটাও প্ৰশ্ন কৰিলে।
“মই টাইটান দেৱতা প্ৰমিথিউছ। প্ৰধান অলিম্পিয়ান দেৱতা জিউছে শাস্তিৰ স্বৰুপে মোক এই পৰ্বতৰ শিখৰত বান্ধি ৰাখিছে।”
“আপুনি কি দোষ কৰিছিল মহাশয়?”
“জিউছৰ বিৰুদ্ধে গৈ মই স্বৰ্গৰ পৰা জুই আনি পৃথিৱীৰ মনুষ্যক সভ্যতাৰ পোহৰ দেখোৱালো। জুইৰ উত্তাপত মনুষ্যই খাদ্য প্ৰস্তুত কৰিব শিকিলে, বিভিন্নধৰণৰ সঁজুলি, অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰি নিজকে সুৰক্ষা দিব পৰা হ’ল।জুইকোৰাৰ বাবেই নতুন নতুন ইন্ধনৰ আৱিস্কাৰ হ’ল।”
“কিন্তু পৃথিৱীৰ ইন্ধনসমূহ ক্ষয়হৈ শেষ হোৱাৰ পথত। কেইটামান দশকৰ পাছত আৰু পৰ্য্যাপ্ত ইন্ধন নাথাকিব” কথাখিনি শেষ কৰি প্ৰাণজিতে লক্ষ্য কৰিলে প্ৰমিথিয়াছৰ ঘাঁদোখৰৰ কোনো চিনচাব নাই “কি আচৰিত!”
“আচৰিত নহ’বা মনুষ্য।মই অমৰ।কালিলৈ ঈগলটো আকৌ আহিব আৰু মোৰ পেত ফালি যকৃতটো খাই আঁতৰি যাব।এই প্ৰক্ৰিয়া যুগে যুগে চলি আহিছে। এইটো মোক জিউছে দিয়া শাস্তি।”
“সেই মহান প্ৰমিথিউছ, আপুনি নিজকে শিকলিৰ পৰা মুক্ত কৰি নলয় কিয়?”
“মোৰ দিব্য অস্ত্ৰসমূহ জিউছে কাঢ়ি কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছে।মনুষ্যগণে মোৰ বলিদানৰ কথা পাহৰি পূজা অৰ্চনা বাদ দিয়াৰ বাবে মোৰ অলৌকিক শক্তিও কমি আহিল।হাৰকোলিছ নামৰ মনুষ্য এটাই মোক এবাৰ মোকলাইছিল । কিন্তু পিছত মোক আকৌ জিউছে বন্দী কৰি আনে।”
“কিন্তু, কিয়?”
“মই এটা যন্ত্ৰ আৱিস্কাৰ কৰিছিলো, যিটো যন্ত্ৰই বজ্ৰপাতৰ পৰা উৎপন্ন হোৱা বিদ্যুত শক্তি নিজৰ মাজত সমাহিত কৰি সংৰক্ষণ কৰি ৰাখিব পাৰে। বজ্ৰৰ এটাত আঘাটত প্ৰায় ১০ বিলিয় জুল শক্তিৰ উৎপন্ন হয়।সেই শক্তিক সংৰক্ষণ কৰিব পাৰিলে কোনোকালে পৃথিৱীত ইন্ধনৰ অভাৱ নহ’ব।জিউছে সেই কৌশল মোৰ পৰা হস্তগত কৰি অলিম্পাচ পৰ্বতত ৰাখিছে । তুমি সেই কৌশল উদ্ধাৰ কৰি মোৰ সৃষ্ট মানৱজাতীক ৰক্ষা কৰা।” কথাখিনি কৈ প্ৰমিথিউছ হাতখন প্ৰাণজিতৰ ফালে আগবঢ়াই দিলে।এক স্বৰ্গীয় জৌতি প্ৰাণজিতৰ শৰীৰত প্ৰৱেশ কৰিলে।তাৰ দেহৰ ওপৰত এটা সোণালী কৱচৰ সৃষ্টি হ’ল।
“জিউছৰ বজ্ৰৰ বাদে কোনো অস্ত্ৰই এই সোণালী কৱচ ভেদ কৰিব নোৱাৰে । তাৰোপৰি এই কৱচৰ সহায়ত তুমি উৰিবও পাৰিবা।কৱচটোৰ সহায়ত তুমি মোৰ লগত কথা পাতিব পাৰিবা আৰু তোমাৰ দৃষ্টিত যি আহে মই দেখা পাম ।পলম নকৰিবা মনুষ্য, যোৱা।”
মিতভাষী প্ৰাণজিতে সন্মতিসূচক মূৰ দোপিয়ালে আৰু সময় নষ্ট নকৰাকৈ অলিম্পাছ পৰ্বতৰ জিউছৰ কিল্লালৈ উৰা মাৰিলে। প্ৰতিটো ক্ষণতে প্ৰমিথিউছে নীতি-নিৰ্দেশনা দি থাকিল। প্ৰহৰীসকলৰ চকুত ধুলি দি, সি সহজেই কিল্লাটোৰ আভ্যন্তৰত প্ৰৱেশ কৰিলে। নিৰ্দিষ্ট সঁজুলিবিধ সি হাতত তুলি লৈছিলহে, মাথোঁ পিছফালৰ পৰা অহা গুৰু-গম্ভীৰ মাতত সি থমকি ৰ’ল।
“প্ৰমিথিউছ! বিশ্বাসঘাটক টাইটান। তোৰ ইমান ধৃষ্টতা”
প্ৰাণজিতে সচকিত হৈ ঘূৰি চালে। শুভ্ৰ বগা সাজ, কপালত সোণৰ জলফাই পাতৰ মুকুট পিন্ধা দেৱতাজনে তালৈকে খঙেৰে চাই আছে। হাতত বজ্ৰ আছে — যেতিয়া, জিউছেই হ’ব। সোণালী কৱচজোৰাৰ বাবেই তাক প্ৰমিথিউছ বুলি ভুল কৰিছে।
“পলোৱা প্ৰাণজিৎ, পলোৱা”—প্ৰমিথিউছে ফুচফুচাই কোৱা নিৰ্দেশ প্ৰাণজিতে শুনা পালে। প্ৰমিথিউছৰ সঁজুলিবিধ বুকুত সাৱটি, সি প্ৰাণতাকি দৌৰিব ধৰিলে। কিল্লাটোৰ বাহিৰ পোৱাত, সি ককেচাছ পৰ্বতৰ ফালে উৰা মাৰিল। পাছে পাছে খেদি অহা জিউছে তালৈ লক্ষ্য কৰি বজ্ৰ মাৰি পথালে। তীব্ৰ গৰ্জন কৰি, এক বিজুলীৰ চমক প্ৰাণজিতৰ গাৰ মাজেৰে পাৰ হৈ গ’ল। এক গভীৰ অন্ধকাৰে তাক আৱৰি ধৰিলে।
“মুন, মুন” এটা চিনাকি মাত প্ৰাণজিতে ৰিণিকি ৰিণিকি শুনা পালে। প্ৰাণজিতক ঘৰত মুন বুলিয়ে মাতে।
“উঠা, মুন”—এইবাৰযেন মাতটো নিচেই কাষ চাপি আহিল। ইমান আকুলতাৰে ভৰা নাৰীকণ্ঠটো তাৰ যে খুউব আপোন। লাহে লাহে সি চকু মেলিলে। তাৰ সন্মুখত, তাৰ পত্নী মিনাক্ষী—তাৰ মৰমৰ মমী। বগা ছাদৰ পাৰি থোৱা বিছনাখনত সি শুই আছে। তাৰ জ্বলি যোৱা হাতএখন দুহাতৰ মাজত ধৰি, মমীয়ে উৎকণ্ঠাৰে তালৈ চাই আছে। তাইৰ চকুপানীৰ টোপালবোৰে তাৰ হাতখন তিয়াই পেলাইছে। লাহে লাহে কথাবোৰ তাৰ মনত পৰিল।
বিদ্যুৎ নিৰ্মান উপসংমণ্ডল বিষয়া প্ৰাণজিৎ ডেকা।নতুন ৩৩/১১ কিলো ভল্টৰ ছাবষ্টেছনটো নিৰ্মাণৰ সকলো দায়িত্ব প্ৰাণজিতৰ। তিনিদিনৰ ছুটি শেষ কৰি আজি পুনৰ কামত যোগ দিছিল। পূৱা প্ৰায় ৮ মান বজাত তাৰ সহকৰ্মী মনজিৎৰ ফ’ন আহিছিল। প্ৰাণজিত নথকাকেইদিনত কামত কিবা গণ্ডগোল হৈছে, গতিকে কাম চলি থকা জেগাত নাজাবলৈ মনজিতে তাক দঢ়াই দঢ়াই ক’লে। মনজিৎ তাৰ কলেজীয়া বন্ধু—অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থাকোঁতে দুয়ো ২ নং ছাত্ৰাৱাসৰ আৱাসী আছিল। ক্ৰিকেট খেলি ভালপোৱা প্ৰাণজিতৰ লগত মনজিৎৰ নিস্বাৰ্থ ভাতৃসুলভ বন্ধুত্ব গঢ়ি উঠিছিল। মনজিতে জানিছিল, কামত গাফিলতি দেখিলে অত্যন্ত সজাগ আৰু পৰিশ্ৰমী প্ৰাণজিতৰ খং উঠিব।
তাতে ছাব-ষ্টেছনৰ নিম্ন উচ্চতাত থকা বিদ্যুৎ তাঁৰবোৰৰ তলেৰে ঘূৰি ফুৰাটো ছয় ফুট ওখ প্ৰাণজিতৰ বাবে অলপো সুবিধাজনক নহয়। নিৰ্মাণৰ কাম দেখি প্ৰাণজিৎ উত্তেজিত হৈ পৰিছিল। ইমান ভালকৈ বুজাই থৈ যাওঁতেও এনে উলটা কাম কৰিব লাগে নে? সহায়কজনক কথাখিনি বুজাই, সি সাধাৰণ ভাবেই হাতখন অলপ ওপৰলৈ ডাঙি আঙুলিয়াই দেখুৱালে। বৈদ্যুতিক তাঁৰ আৰু প্ৰাণজিতৰ হাতৰ মাজৰ দূৰত্ব বিপদসংকুলভাৱে কমি আহিল।
৩৩ হাজাৰ ভল্টৰ বৈদ্যুতিক পাল্চ পাৰ হৈ গ’ল তাৰ শৰীৰৰ মাজেৰে। ধুনীয়া বগা দীঘল হাতদুখন জ্বলি এঙাৰসেন ক’লা পৰি গৈছে। তাৰ পিন্ধা কাপোৰবোৰ জ্বলি গৈছে। আৰু জোতাযোৰ? নতুনকৈ কিনিছিলহে সিদিনা। এনেও দামী জোতাৰ প্ৰতি তাৰ এটা চখ আছে।
“মোৰ জোতাযোৰ আনিলা মমী?”
“ওম, আনিলো।ঘৰতে আছে”
জ্বলিযোৱা জোতাযোৰ দেখিছিল মিনাক্ষীয়ে।জোতাযোৰৰ তলফালে ফুটা হৈ ফাটি গৈছিল।প্ৰাণজিতৰ হাতদুখন চুইচালে তাই ।হাত নহয়যেন জকা; গলি গৈছিল চালৰ তলৰ মাংসবোৰ।বাদামী ৰঙৰ পাতল দাড়ি থকা বগা মুখখনৰ অত তত জ্বলিযোৱাৰ দাগবোৰত তাই লাহেকৈ হাতবোলাই দিলে।ফেকুৰি ফেকুৰি উচুপি উঠিল মিনাক্ষী।
“অই আঁকৰি, কান্দিছা কিয়? বেলেগ হোৱাহেঁতেন জেগাতেই মৰিলহেঁতেন।মই নমৰো নহয়।মই অভিযন্তাযে, প্ৰমিথিউচৰ আধুনিক সংস্কৰণ” প্ৰাণজিতে প্ৰায়ে ধেমালিকৈ কোৱা সাধুটোলে মনত পৰি ইমান দুখৰ মাজতো মিনাক্ষীয়ে হাঁহিবলৈ চেষ্টা কৰিলে।
“আপুনি অলপ কোঠাৰ পৰা উলাই যাওক বাইদেউ। ড্ৰেছিং কৰা হ’ব এতিয়া” নাৰ্চগৰাকীয়ে কথাষাৰ কৈ বেডপেনটো খোলিব ধৰিলে।তেজৰঙা প্ৰসাৱবোৰ দেখি সিঁয়ৰি উঠিল মিনাক্ষী। প্ৰাণজিতে মনকৰাৰ আগতেই তাই ততাতয়কৈ বেডপেনটোৰ ধাকোনখন লগাই দি বাহিৰলে উলাই আহিল।
বাহিৰত প্ৰাণজিতৰ সহকৰ্মী আৰু বন্ধুসকলে উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল। সকলোৱে মিনাক্ষীৰফালে সমবেদনাৰ দৃষ্টিৰে চালে।কোনোবা এজনে মিনাক্ষীৰ বাবে চকি এখন আগবঢ়াই দিলে। প্ৰাণজিতৰ বন্ধু মনজিতে আগবাঢ়ি আহিল।
“তুমি কিবা এটা খাই লোৱা বৌ”
“মুনৰ লগত একেলগে খাম দিয়া”
“আমি ছাৰক কৈছিলো অলপ বহি চাহ খাই ল’বলে। সদায়েতো প্ৰথমেই আহি চাহ খাই। আজি চাহো নাখালে ছাৰে । কোনোবাই টেলিফোনত কিবা লগাইছিল চাৰক।খঙত আছিল” নিৰ্মানৰ কামত থকা কৰ্মচাৰী এজনে ক’লে।
“আমাক বেয়া নাপাব দেই বাইদেউ” গোটেইকেইজনে একেলগে ক’লে।
“ভাগ্যত হ’ব লগা আছিল বাবেই হ’ল।মইনো কিয় বেয়া পাম আপোনালোকক। প্ৰাৰ্থনা কৰিব তেখেতৰ আৰোগ্যৰ বাবে”
প্ৰাণজিতৰ মাক আৰু দাদাক আহি পাইছিল।চকীৰ পৰা উঠি আগবাঢ়ি গ’ল মিনাক্ষী।
“ক’ত আছে মোৰ মুন?” মিনাক্ষীৰ হাতত ধৰি শাহুৰেকে সুধিলে।
প্ৰাণজিতৰ কেবিনটোৰ ফালে মিনাক্ষীয়ে আঙুলিয়াই দেখোৱালে “সৌটো ৰুমতে আছে মা”
“চাও, মোক লৈ যোৱা তাৰ ওচৰত”
“ডাক্তৰে চাই আছে নহয় মা। ডাক্তৰ উলাই গ’লেই আমি সোমাম। আপুনি বহকচোন অলপ” মিনাক্ষীয়ে শাহুৰেকক চকী এখনত বহাই দিলে।
ডাক্তৰজন উলাই অহাৰ লগে লগে প্ৰাণজিতৰ দাদাক আগবাঢ়ি গ’ল। ডাক্তৰজনে তেওঁক নিজৰ কেবিনলৈ মাতি নিলে। নাৰ্চজনীৰ পৰা সন্মতিসুচক ইংগিত পাই মিনাক্ষীয়ে শাহুৰেকক হাতত ধৰি প্ৰাণজিতৰ কেবিনত লৈ গ’ল। ড্ৰেছিং কৰাৰ পাছত তাৰ হাত দুখনত বগা বেণ্ডেজ কাপোৰে মেৰিয়াই থোৱা আছিল। মাকে দৌৰি যোৱা দি গৈ তাৰ মূৰে কপালে হাতবোলাই উচুপি উঠিল।
“তই কিয় আহিলি মা? অলপ জ্বলিছেহে। বেছি একো হোৱা নাইতো। মা কাৰ লগত আহিল মমী?”
“দাদা আহিছে। ডাক্তৰৰ লগত কথা পাতিব গৈছে”
“যোৱাছোন দাদাক কোৱা, মাক ঘৰলৈ লৈ যাবলৈ”
মিনাক্ষীয়ে শাহুৰেকক টানি আনি কাষৰ বিছনাখনত বহাই দিলে। প্ৰাণজিতৰ দাদাক সোমাই আহিল কোঠাটোলে।তেওঁক অলপ চিন্তিতযেন লাগিল।
“ডাক্তৰে কি কলে দাদা?” মিনাক্ষীয়ে সুধিলে। তিনিওজনে ককায়েকৰ মুখৰফালে কৌতুশলেৰে চালে।
“ডায়েলাইছিছ কৰিব লাগিব বুলি কৈছে আৰু এটা সৰু অস্ত্ৰোপচাৰ কৰিব লগা হব পাৰে বুলি কৈছে” দাদাকে সহসজভাবেই কথাখিনি ক’লে।
প্ৰাণজিতৰ বায়েকে ঘৰৰ পৰা টিফিন লৈ আহিছে তাৰ বাবে। বৌৱেকে ধোৱা মগুদাল দিয়া পাতল খিছিৰি ৰান্ধি দিছে । মাকে কঁপা কঁপা হাতেৰে চামুচেৰে খুৱাই দিছে প্ৰাণজিতক। মাকৰ বয়স হৈছে, কিবা এটা কৰিলে হাত কঁপে।দাদাকৰ মুখত অস্ত্ৰোপচাৰ শব্দটো শুনি সি পৰিস্থিতিৰ জটিলতা বুজি পাইছে। খোৱাবোৰ গাত পৰিলে সংক্ৰমন হ’ব ।
“তুমি খোৱাই দিয়া মমী। মাৰ হাত কঁপিছে”
মাকৰ হাতৰ পৰা চামুচখন আনিবলে মন নগ’ল মিনাক্ষীৰ। গামুচাখনেৰে বিবৰ দৰে প্ৰাণজিতৰ ডিঙিত মেৰাই দিলে তাই।
“একো নহয়, মাই বিচাৰিছে যেতিয়া খোৱাব দিয়া”
সন্ধ্যা সময়ত মাক আৰু বায়েকক লৈ দাদাক গ’লগৈ। যোৱাৰ পৰত বায়েকে মিনাক্ষীক একাষৰীয়াকৈ মাতি নি সুধিছিল “ৰাতিপুৱা কিবা কাজিয়া হৈছিল নেকি তোমাৰ লগত তাৰ?”
“নাইতো বা” মিনাক্ষীয়ে নিজকে সংযত কৰি চমুকৈ উত্তৰ দিছিল।তাইৰ চৌপাষৰ পৃথৱীখনযে সলনি হ’ব ধৰিছে তাৰেই যেন ইংগিত দিলে বায়েকৰ প্ৰশ্নটোৱে। তাই প্ৰাণজিতৰ ফালে চালে । চকুমুদি শুই আছে সি।খুউৱ ভাগৰ লাগিছে মিনাক্ষীৰ।দিনটো অলপো জিৰণি নোপোৱাৰ বাবেই হয়তো কঁকালটোত অলপ বিষোৱাযেন লাগিল।মুখ হাত ধোই আহিল তাই। ঠাণ্ডাকাল শেষেই হোৱা নাই যদিও ফেব্ৰুৱাৰিৰ ১ তাৰিখ হ’লহি।কম্বল এখন গায়ে মূৰে মেৰিয়াই এটেনডেন্টৰ বিছনাখনত ধুপুচকৈ শুই পৰিল মিনাক্ষী।
“আঠুৱাখন লগাই লোৱা মমী”
“নালাগে ঔ”
“বাল্বটো অন্ততঃ অফ্ কৰি লোৱা”
বিয়াৰ আগত কেনোদিন আঠুৱা লগাই পোৱা নাছিল মিনাক্ষীয়ে। দিনটো অত্যন্ত ব্যস্ত দেউতাকে ৰাতি বিচনাখনত আঠুৱাটো বৰ নিয়াৰিকৈ লগাইছিল।কেণ্ডেল এডাল হাতত লৈ আঠুৱা তলৰ মহবোৰ এটা এটাকৈ মাৰিছিল। ছোৱালীহঁতক মহ এটাই কামুৰিলে তালফাল লগাইছিল মানুহজনে।গতিকে বিয়াৰ পাছত আঠুৱা লগোৱা দায়িত্বটো প্ৰাণজিতৰ ওপৰতে আহি পৰিল। মিনাক্ষী যন্ত্ৰৱত উঠি আঠুৱাখন লগাই ল’লে ।বাল্বটো অফ্ কৰি দিলে।
“That’s my girl! Good night”
“গুডনাইট মুন”
© মমী বড়া ঠেঙাল
